যতীন বৰাৰ ব্যয়বহুল নতুন অসমীয়া চলচ্চিত্ৰ ’ৰাঘৱ’ৰ মহুৰত

 যতীন বৰাৰ ব্যয়বহুল নতুন অসমীয়া চলচ্চিত্ৰ ’ৰাঘৱ’ৰ মহুৰত

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া চলচ্চিত্ৰ জগতক বাণিজ্যিকভাৱে টনকিয়াল কৰি তোলা ছুপাৰহিট অসমীয়া ছবি ’ৰত্নাকৰ’ৰ পাছত যতীন বৰাই আজি জ্যোতি চিত্ৰবনত তেওঁৰ পৰৱৰ্তী ব্যয়বহুল ছবিৰ নাম ঘোষণা কৰে। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবিৰ নাম ‘ৰাঘৱ’। জনপ্ৰিয় অভিনেতা কপিল বৰাই আঁত ধৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিত অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা শিল্পী বিদ্যা ৰাও, মলয়া গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে ’ৰাঘৱ’ৰ পোষ্টাৰ। আনহাতে, বিশিষ্ট ছবি বিতৰক তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক শংকৰলাল গোৱেংকাই কেমেৰাত মাল্যৰ্পন আৰু কেমেৰাৰ ছুইছ অন কৰাৰ লগতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে নাৰিকল ভাঙি আৰু জ্যেষ্ঠ অভিনেত্ৰী সীমা বিশ্বাসে ক্লেপষ্টিক দি ছবিখনিৰ মহুৰত সম্পন্ন কৰে। অসমৰ সাংস্কৃতিক, সংবাদ মাধ্যম তথা আন আন ক্ষেত্ৰৰ বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থকা একেটা অনুষ্ঠানতে অসমৰ কেবাজন সাংস্কৃতিক সাংবাদিকক প্ৰযোজনা গোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাই প্ৰযোজনা কৰা ছবিখনি পৰিচালনা কৰিব যতীন বৰাই। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ। সহকাৰী পৰিচালক হিচাপে থাকিব অনিন্দিতা কলিতা, ভাৰ্গৱ অধ্যাপক, সুৰজিৎ ফুকন আৰু অভিজিৎ চুতীয়া। সংগীত পৰিচালনা কৰিব জনপ্ৰিয় শিল্পী জুবিন গার্গে। ইতিমধ্যে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই ’ৰাঘৱ’ৰ বাবে গীতসমূহ ৰচনা কৰিছে। ছাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম। লোকেশ্বন ছাউণ্ড বলেন পাঠকৰ। গুৱাহাটী, যোৰহাট, মেঘালয়, হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটী আৰু কাশ্মীৰৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰিব চিনেমাটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰীয়ে। সম্পাদনা কৰিব পিৰতীম খাউণ্ডে। ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ। এক্সন নিৰ্দেশনা ৰাজেশ কান্ননৰ। কলা নিৰ্দেশক জ্যোতিশংকৰ ভট্টাচাৰ্য। প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰ। ৰূপসজ্জাৰ দায়িত্বত থাকিব বিশ্ব কলিতা আৰু প্ৰশান্ত বৰা। সাজসজ্জা নৱনীতা শৰ্মা বৰাৰ। প্ৰি প্ৰডাকচনৰ কামসমূহ সম্পাদনা কৰিব অনুপম বৈশ্যই। আনহাতে, দুঃখ, কষ্ট আৰু দুৰ্ভাগ্যৰ সৈতে যুঁজি জীৱন সংগ্ৰামৰ এক নতুন অধ্যায় লিখা এজন যুৱকৰ কাহিনীৰ আধাৰত নিৰ্মিত হোৱা ছবিখন প্রেম, বিৰহ, মৰম, ঘৃণা, ৰোমাঞ্চ তথা একশ্বনৰ অপাৰ সমলেৰে পৰিপূৰ্ণ হ’ব। শেহতীয়াকৈ কেবাখনো পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰৰে পুনৰ কেমেৰাৰ সন্মুখলৈ ঘূৰি আহিছে জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা। ’ৰাঘৱ’ৰ নাম ভূমিকাত অভিনয় কৰিব যতীন বৰাই। তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব ক্ৰমে- হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধার্থ নিপন গোস্বামী, নবাগতা চুমি বৰা, বিভূতি ভূষণ হাজৰিকা, চিন্ময় কটকী, পবিত্ৰ বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰজনীশ, জ্যোতিষ্মান কাশ্যপ, জীৱিতেশ মজুমদাৰ, ডা° জয়ন্ত দাস, মিতালী বৈশ্য,ডা° চিন্ময় চক্ৰৱৰ্ত্তী, অৱতোষ ভূঞা, মন্মথ বৰুৱা, মণ্টু দেউৰী, মানস শৰ্মা, দীপক ৰয়, জোৱান দত্ত, বিনোদ লাল দাস, চুমকি কছাৰী, পংকজ বৰা, ৰূপম চক্ৰৱৰ্তী, অন্তৰীক্ষ চহৰীয়া, দ্বিজেন লহকৰ শিশু শিল্পী প্রিয়ঙ্ক জ্যোতি কলিতা, মনীষ ভূঞা, নৱম আশিষ গোশ্বামী। উল্লেখ্য যে অহা বৰ্ষৰ অক্টোবৰত ব্যয়বহুল ছবিখনি চিত্ৰগৃহলৈ আহিব বুলি প্ৰযোজক-পৰিচালক যতীন বৰাই জানিবলৈ দিয়ে৷