মৰেল পুলিচগিৰি বন্ধ কৰক – অৰ্ণৱ কটকী

Pc The Indian Express

মৰেল পুলিচগিৰি বন্ধ কৰক

অৰ্ণৱ কটকী, জাঁজী, যোৰহাট

জীৱ শ্ৰেষ্ঠ আমি, এইয়াই আমাৰ গৌৰৱ, স্বাভিমান, অহংকাৰ । কিন্তু এচাম মানুহৰ এনে কাণ্ড বিলাকে দুঃখ দিয়ে মনত! মানৱতা হীন একাংশ ব্যক্তি কিয় হৈছে আসুৰিক? ইমান বৰ্ব্বৰ, নিষ্ঠুৰ কেঁচা তেজৰ পিপাসু! জীৱন ভিক্ষা খোজা জনৰ কণ্ঠই জোঁকাৰিব পৰা নাই তেনে ৰক্ত বাবে উন্মাদ জনকো কিয়? দোষ কাৰ সমাজ, শিক্ষা নে সংস্কাৰৰ! হয়তো উত্তৰ বিহীন এটা প্ৰশ্ন । আইন হাতত তুলি লৈ নিজক অসুৰ ৰূপে আত্মপ্ৰকাশ কৰাৰ যেন এক অঘোষিত প্ৰতিযোগিতা।

বাতৰিৰ নিয়মিত শিৰোনাম , সলনি হোৱাৰ যেন অৱকাশ বা আহৰি নাই এনে মানুহ ৰূপী দানৱৰ।

মানৱতাৰ পূজাৰী আছিল মানুহ জাতি। এচাম মানুহৰ মনত কেনেকৈ ঠাই পালে আসুৰিক তৃপ্তিৰ প্ৰবৃত্তি! সময় সমাগত নিজক মানুহ ৰূপে প্ৰতিষ্ঠিত কৰাৰ। আইন কঠোৰ হওঁক, সমাজ তথা শিক্ষাৰ পাঠ বিলাকতো মানৱতাৰ পাঠ দিয়ক। যাতে এনে আসুৰিক মনৰ পুনৰ জন্ম নহয় তাৰ বাবে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰক।

মানৱতা ভৰা এখনি হৃদয়ৰ গৰাকী আজিও আছে সেইবাবে সমাজ, দেশ নাইবা ৰাজ্য খন সুৰক্ষিত হৈ আছে। এনে ধৰণৰ এচাম দানৱৰ বাবে তেওঁলোকো দুঃখিত। আৰ্তজনক এখনি মানৱতা ভৰা হাত আগুৱাই দিওঁ আহক। ফটো বা ভিডিও কেমেৰা লৈ বন্দী কৰি নাৰাখিব হাত খনক। জীয়াই থকাৰ অধিকাৰ সকলোৰে, বিচাৰক হ’বলৈ গৈ মৰেল পুলিচগিৰি কৰি এটা জীৱনৰ লগতে তেওঁৰ পৰিয়ালটিক মৃত্যু পথৰ যাত্ৰী কৰাৰ অধিকাৰ আপোনাৰো নাই। জীৱ শ্ৰেষ্ঠ দৰে জিলিকি ৰও আহক।