মৰীচিকা
মণিতা গোস্বামী
মৰিচীকা খেদি ফুৰা
দিনবোৰলৈ মনত পৰে।
মাৰ দুহাতত ধৰি দেখিছিলোঁ
বহু সপোন।
সপোনবোৰ নানা ৰঙীন!
সপোনৰ মাজত এখোজ ,দুখোজ কৈ আগবাঢ়িছিলোঁ
সপোনৰ মনোমোহা বাটলৈ।
নোৱাৰিলোঁ!! ৰৈ গলোঁ
উজুটি খাই।
ভৱাই নাছিলোঁ সপোনক যে
বাস্তৱ ৰূপ দিবলৈ।
বহু কঠিন।