মৰিগাঁৱৰ মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ চিকিৎসাক ডাঃ আব্দুছ ছালামৰ বিৰুদ্ধে কুৎত্থা-মিৎত্থা ৰে অপপ্ৰচাৰ একাংশৰ

মৰিগাঁৱৰ মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ চিকিৎসাক ডাঃ আব্দুছ ছালামৰ বিৰুদ্ধে কুৎত্থা-মিৎত্থা ৰে অপপ্ৰচাৰ একাংশৰ

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিভিল হস্পিতাল খনৰ ভাৰ-প্ৰাপ্ত জ্যেষ্ঠ চিকিৎসক ডাঃ আব্দুছ ছালামৰ বিৰুদ্ধে এটি দুষ্ঠ চক্ৰই নিজৰ ন্যাস্থ স্বাৰ্থ সিদ্ধিৰ বাবে সময়ে সময়ে চিকিৎসক জনৰ বিৰুদ্ধে নানান অভিযোগ আনি মনেসজা আক্ৰোসমূলক প্ৰৰোচনামূলক বাতৰি পৰিৱেশন কৰি আহিছে এটি দুষ্ঠ চক্ৰই । আজি সংবাদ মেল যোগে চিকিৎসক জনে সকলো অভিযোগ খণ্ডন কৰি কয় ফকৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা২০১২-১৩ বৰ্ষত এম বি বি এছ পাছ কৰি একেখন মহাবিদ্যালয়ৰ পৰা প্ৰসতি ঔ স্ত্ৰী ৰোগ বিশেজ্ঞৰ ডিপ্ল’মা গ্ৰহন কৰি ৰাজ্যৰ বিভিন্ন চিকিৎসলয়ত সেৱা আগবঢ়াই আহিছোঁ ।তেনে স্হলত মোৰ ডিগ্ৰী ভূৱা বুলি মিছা অপপ্ৰচাৰ চলাছে একাংশ লোকে । সংবাদমেলত আৰু কয় যে মোৰ বিৰুদ্ধে যি সকল ব্যক্তিয়ে মোৰ জনমানসত কুৎত্থা মিৎত্থা ৰটনা কৰি মিছা অপবাদ আনিছে সেই সকলৰ লোকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা গ্ৰহণ কৰিম।তেঁও আৰু কয় মৈৰাবাৰী হস্পিতালখনত পূণৰ এফ আৰ ইউ’প্ৰৰ্ৱত্তন কৰাৰ সকলো ব্যৱস্থা সম্পূন্ন হোৱাৰ পথতত ।তেনে সময়তে এই চিকিৎসালয়খনৰ বদনাম কৰাৰ বাবে এচাম লোকে চেষ্ঠ অৱ্যাহত ৰাখিছে ।