মৰিগাঁৱৰ পৰা  ৯জন পলাতক বাংলাদেশীক গ্ৰেপ্তাৰ

মৰিগাঁৱৰ পৰা  ৯জন পলাতক বাংলাদেশীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও আৰক্ষীয়ে বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এক অভিযানত ৯জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে জিলাখনৰ কেইবাটাও স্থানত অভিযান চলাই এই বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰে।  মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বাংলাদেশী নাগৰিক ঘোষণা কৰা এই লোককেইজন দীর্ঘদিন ধৰি পলাতক হৈ আছিল। মৰিগাঁৱৰ সীমান্ত শাখাৰ আৰক্ষীয়ে এক গোপন অভিযান চলাই মৰিগাঁও থানাৰ অন্তৰ্গত উছমান আলী, জয়নাল আবেদিন, মিকিৰভেটা থানাৰ অন্তৰ্গত আব্দুল খাই, খাইৰুল ইছলাম, জাগীৰোড থানাৰ অন্তৰ্গত উফা আলী, ধৰমতুল থানাৰ অন্তৰ্গত হাফিজুদ্দিন, আব্দুল লটিফ, মায়ং থানাৰ অন্তৰ্গত নুৰ ইছলাম, লাহৰীঘাট থানাৰ অন্তৰ্গত গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণত বাংলাদেশী নাগৰিক সাব্যস্ত হোৱা এই লোককেইজনৰ ভিতৰৰে দুজনমানে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণ ৰায়টোকে বাহাল ৰাখিছিল। ধৃত বাংলাদেশী লোককেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।