মৰিগাঁৱৰ কুকুৰ নিৰ্যাতন কাণ্ড

মৰিগাঁৱৰ কুকুৰ নিৰ্যাতন কাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ কুকুৰ নিৰ্যাতন কাণ্ডই আকৌ এবাৰ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। এই ঘটনাৰ মুখ্য অভিযুক্ত নাৰায়ণ দাসে ইতিমধ্যে তেওঁৰ বন্ধু জান নাথৰ সহায়ত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে, জান নাথৰ ওপৰতো বিভিন্নটা এনে অভিযোগ দাখিল কৰা আছে, যাৰ মাজত অন্যতম হৈছে গুৱাহাটী ছয় মাইলস্থিত তেওঁৰ “প্ৰাপ্তি লজ” ত চলি থকা দেহব্যৱসায় কাণ্ড।নাৰায়ণ দাসক লৈ পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে কিয়নো নাৰায়ণ দাসে তেওঁৰ পত্নী আৰু দুজন পুত্ৰক মৃত্যুৰ ভাবুকি দিছে। এই ভাবুকিৰ বাবে, পৰিয়ালৰ সমূহ সদস্যই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ ঠাই এৰি অইন ঠাইত আশ্ৰয় লোৱা উপক্ৰম ঘটিছে। উল্লেখ্য যে, নাৰায়ণ দাসৰ কৰ্মকাণ্ডৰ বলি হোৱা ভুক্তভোগী আৰু তেওঁৰ সন্তানসকলে আনুষ্ঠানিক এজাহাৰ দাখিল কৰিবলৈ আগবাঢ়িছে, য’ত ভিডিঅ’ আৰু চিকিৎসা-প্ৰমাণৰ সহায়ত নাৰায়ণ দাসৰ হাতত বহু বছৰ ধৰি হোৱা অত্যাচাৰৰ বিৱৰণ দিয়া হৈছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে যে তেওঁক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰে৷ অতি সোনকালে ব্যৱস্থা লোৱাৰ লগতে ভুক্তভোগী আৰু তেওঁৰ সন্তানসকলৰ নিৰাপত্তা নিশ্চিত কৰক, লগতে অভিযুক্তক শাস্তি দিয়ক।