মৰিগাঁৱৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ জি আৰ এছৰ বিৰুদ্ধে অভিযোগ

মৰিগাঁৱৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ জি আৰ এছৰ বিৰুদ্ধে অভিযোগ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিকাৰীক কোনো পধ্যেই আশ্ৰয় নিদিয়ে বুলি অসমবাসীৰ আগত শূণ্য সহনশীল নীতিৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।তেনে সময়তে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী কঠোৰ আদেশকো কেৰেপ নকৰি একাংহ দুৰ্নীতিগ্ৰস্ত বিষয়াই চলাই গৈছে ভয়ংকৰ দুৰ্নীতি।তথ্য অনুসৰি মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৰাগুৰি গাওঁ পঞ্চায়তৰ জি আৰ এছ তথা দুৰ্নীতিৰ সদাগৰ খ্যাত হাছমত আলীৰ লগতে এগৰাকী ৱাৰ্ড সদস্য এমদাদুল ইছলামৰ ওপৰত উত্থাপিত হৈছে চৰকাৰী আবাস গৃহৰ নামত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ উপৰিও বৃহৎ কেলেংকাৰীৰ অভিযোগ।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অমৰাগুৰি পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত দুই হেজাৰৰ পৰা আঠ হেজাৰ লৈকে ধন সংগ্ৰহ কৰিছে জি আৰ এছ হাছমত আলী আৰু ৱাৰ্ড সদস্য এমদাদুল ইছলামে।চৰকাৰে দুখীয়া দৰিদ্ৰৰ বাবে আবন্টন দিয়া চৰকাৰী আবাসগৃহৰ নামত কাৰ ছত্ৰছাঁয়াত ধন সংগ্ৰহ কৰিছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।গাঁও পঞ্চায়তটোৰ এনে দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হব লক্ষ্যণীয়।