মৰিগাঁৱত ৩ ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

মৰিগাঁৱত ৩ ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও পকছ’ আদালতে এক জঘন্য ধর্ষণ কাণ্ডত জড়িত তিনি ধৰ্ষণকাৰীক দোষী সাব্যস্ত কৰি ২০ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। অভিযুক্ত লম্পট ধৰ্ষণকাৰীকেইটা হৈছে- মৰিগাঁও জিলাৰ মিকিৰভেটা অঞ্চলৰ ক্ৰমে ৰাজীবুল হক, মান্নান আলী আৰু চমেদ আলী। প্রাপ্ত তথ্য মতে, অপৰাধীকেইটাই ২০২৪ চনৰ আগষ্ট মাহত মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীক প্রলোভনেৰে গুৱাহাটীলৈ নি গোপন স্থানত কেইবাদিনো ধৰি আবদ্ধ কৰি ৰাখি দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল। ঘটনাটোৰ সম্পৰ্কত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে ১২১/২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত চলাইছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা মৰিগাঁও পকছ’ আদালতত দাখিল কৰিছিল। আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত মৰিগাঁও পকছ’ আদালতে বিচাৰ চলাই তিনি ধৰ্ষণকাৰীক দোষী সাব্যস্ত কৰি ২০ বছৰকৈ সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰে।