মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বন্ধুৰ

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বন্ধুৰ

ৰঙিলী  বাৰ্ত্তাসেৱা– মৰিগাঁওৰ সোণাৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত ৩জনকৈ যুৱকে অকাল মৃত্যুক সাৱটিলে। জানিব পৰা মতে মৰিগাঁও-নগাঁও ৰাজ্যিক ঘাইপথৰ সোণিৰিগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। দুৰ্ঘটনাত নিহত হোৱা যুৱককেইজন হৈছে ছাবিদ, ছাজিদুল আৰু দ্বীপমনি। প্ৰাপ্ত তথ্য অনুসৰি ঈদ খাবলৈ গৈছিল মৰিমুছলমান গাৱঁৰ তিনি বন্ধুয়ে। ঈদ খাই নিজ ঘৰলৈ বুলি বাইকেৰে ঘৰলৈ আহিছিল একেলগে। সেই সময়তে মৰিগাঁও নগৰৰ সোণাৰিগাঁৱত একে দিশৰ পৰা অচিনাক্ত বাহনে মটৰ চাইকলখনক মহটিয়াই নিয়ে। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ আছিল AS01-FL-5689। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে  থিতাতে নিহত হয় দুজনকৈ যুৱক। ঘটনাস্থলীতে দুজন বাইক আৰোহী দ্বীপমনি আৰু চাবিদ আলীৰ। আন এজনক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে চাজিদুল ইছলাম নামৰ যুৱকজনক । অৱশেষত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে চাজিদুল ইছলাম নামৰ যুৱকজনৰো মৃত্যু হয়।  এই তিনি যুৱকৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই অঞ্চলবাসীৰ মাজত এক শোকাকুল পৰিবেশ বিৰাজ কৰে। উল্লেখযোগ্য যে আটাইকেইটা মৃতদেহ চিকিৎসালয়ৰ পৰা ঘৰ আহি পোৱাৰ পিছতেই গাঁওবাসীৰ লগতে আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে। শোকত ভাগি পৰে পৰিয়ালৰ লোক।