মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা 

Pc The Indian Express

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা 

ৰঙিলী বাৰ্ত্তাসেৱা- পুৱতি নিশা মৰিগাঁও ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনি জন লোক আহত হৈছে। আহক লোককেইজনক সংকটজনক অৱস্থাত গুৱাহাটিলৈ প্ৰেৰণ কৰা হয়।ধৰমতুল থানাৰ সমীপতে বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা AS25CC5971 নম্বৰৰ ট্ৰাক খনক পাছফালৰ পৰা AS04BC9751 নম্বৰৰ টাটা ACE বাঁহনে খুন্দা মাৰে। এই দুৰ্ঘটনাত এজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত দুজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত আহত আন তিনিজন লোকক সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।নিহতসকলৰ নাম ইউনিশ, চান্দ মহম্মদ, চেহজাদ বুলি জানিব পৰা গৈছে। অন্যহাতে আহত তিনিজনৰ নাম চাদ্দাম হুছেইন, আব্দুল কাদিৰ, ছালমান।