মৰিগাঁৱত ‘ দিৱালী উইথ মাই ভাৰত ‘ কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিক ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা মেৰা যুৱ ভাৰত সংগঠনৰ প্ৰথম বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আগন্তুক দীপাৱলীৰ বতৰত ‘ দিৱালী উইথ মাই ভাৰত ‘ কাৰ্যসূচীৰ আয়োজন কৰিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱে জিলাখনৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত যোৱা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ বিশেষ কৰ্মসূচী প্ৰস্তুত কৰিছে ।সেই উপলক্ষে ২৭ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ ভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ পঞ্চাছ গৰাকী স্বেচ্ছাসেৱকৰ মাজত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে মেৰা যুৱ ভাৰত অভিযানৰ লক্ষ্য উদ্দেশ্য লগতে কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় স্বেচ্ছাসেৱকসকলৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে প্ৰশিক্ষণ দিয়ে । ২৮ অক্টোবৰ তাৰিখে মৰিগাঁও মায়া বজাৰত জিলা যুৱ বিষয়া বিকাশ প্ৰধান আৰু গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰৰ নেতৃত্বত স্বেচ্ছাসেৱক-সেৱিকাসকলে বজাৰৰ চৌহদ পৰিস্কাৰ – পৰিচ্ছন্ন কৰাৰ লগতে ইয়াৰ ব্যৱসায়ীসকলে পৰিস্কাৰ -পৰিচ্ছন্নতাৰ সচেতনতা দাঙি ধৰে । আজি মৰিগাঁও জিলাৰ বিস্তৃত এলেকা মায়াবজাৰ ট্ৰেফিক পইন্ট, বিহুতলি, শনিবাৰ বজাৰ পুলিচ পইন্ট, মায়ং, মৈৰাবাৰী, লাহৰিঘাট, দলংঘাট, জাগীৰোড বজাৰৰ এলেকাত অৰ্ধশতাধিক স্বেচ্ছাসেৱক-সেৱিকাই হাতে-হাতে বেনাৰ, প্ৰচাৰ পুস্তিকা আদি লৈ পথচাৰীসকলক , যান-বাহনৰ চালক, পৰিচালক, যাত্ৰী লগতে ৰিক্সাচালক, অট’চালক সকলোকে যান-বাহন আইনৰ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰণ গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা সৃষ্টিৰ বাবে আহ্বান জনায় । পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় । ৩০ অক্টোবৰ তাৰিখে নাৰায়ণ বজাৰ এলেকাত অনিল বৰা স্মৃতি অনিল বৰা যুৱক সংঘৰ সহযোগত চাফাই অভিযান আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্বেচ্ছাসেৱকসকলে ৰোগী আৰু অভিভাৱকসকলক বিভিন্ন সেৱা আগবঢ়াৱ বুলি নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ।