মৰিগাঁৱত আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী

মৰিগাঁৱত আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী

ৰঙিলী বাৰ্ত্তাসেৱা-  চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী। নিশা মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত মৰিগাঁও জিলা চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী। ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে ইছাহাক আলী, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিন। আটক হোৱা তিনিওজনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত। অভিযানকাৰী দলে ইছাহাক আলীৰ ঘৰৰ পৰা ১৭২০খন ছীম কাৰ্ড, এখন এছ-০২এ- এইচ৫৬০৯  নম্বৰৰ পালছাৰ বাইক আৰু ১১টা মোবাইল ফোন জব্দ কৰে।আনহাতে, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিনৰ ঘৰত তালাচী চলাই যদিও আৰক্ষী অহাৰ উমান পাই অবৈধ সামগ্ৰীসমূহ লুকুৱাই দিয়া বুলি সন্ধেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে আটক হোৱা তিনিওজনক মৈৰাবাৰী আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে।