মৰিগাঁও জিলা কাৰাগাৰত কয়দীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলা কাৰাগাৰত কয়দীৰ মৃত্যু হৈছে। POCSO গোচৰত অভিযুক্ত ছফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰীত। পৰিয়ালৰ সূত্রে জানিব দিয়া মতে নিশা প্রায় ২ বাজি ৫৫ মিনিটত মৰিগাঁও কাৰাগাৰ কর্তৃপক্ষই দেউতাকলৈ ফোন কৰি ছফিকুল ইছলাম শাৰীৰিক অসুস্থ বুলি জানিব দিয়াৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে আহিবলৈ কয়। পুৱতি নিশা মাক-দেউতাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ছফিকুল ইছলামক চিকিৎসাধীন অৱস্থাত দেখাৰ পৰিৱৰ্তে মৃত্যু হোৱা বুলি জানিব পাৰি শোকত ভাগি পৰে। ইতিমধ্যে ছফিকুল ইছলামৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখিছে বুলি জানিব পৰা গৈছে।