মৰিকলং
কলঙসুঁতিখন কুকুৰাকটা পাহাৰ আৰু ম’হগৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পৰা ওলাই অকাই পকাই নগাঁও চহৰৰ মাজেৰে পূবলৈ গৈ গুৱাহাটীৰ ওচৰত কাজলীমুখত আকৌ ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। নগাঁও চহৰৰ দাঁতিত থকা মৰিকলং আৰু পোতাকলং বিল দুখন কলঙে এৰিথৈ যোৱা এৰাসুঁতি। মৰিকলঙৰ কানত আমাৰ ঘৰ। মোৰ সৰুকালৰ সকলো স্মৃতিৰ সাক্ষী।
মোৰ
দুখন পৃথিবীৰ
দুছোৱা জীৱনৰ
পোৱা আৰু নোপোৱাৰ
হাঁহি আৰু কান্দোনৰ
মাজৰ দলং।
মোৰ মৰমৰ
মোৰ চেনেহৰ
মৰি মৰি নমৰা
মৰিকলং
মৰিকলং।
ল’ৰালিৰ ধেমালীৰ
কত হাঁহি ৰগৰৰ ৰং
খেল খৰিয়াল
আৰু্ অভিমানী খং
আজিও তেনেকৈ
সাক্ষীহৈ আছৰৈ
তই
মৰমৰ মৰিকলং।
আলেঙে আলেঙে
কলঙে দেখোন তোক
আজিও জুমি জুমি চায়,
তোক চাগে পাহৰাই নাই
কাকনো পুতিলে তাই পোতাকলঙত?
তোকেনো মাৰিলে কোন ছলে?
দুয়োজনী আছিলি সোদৰৰ ভনী
নুকুলালে তহঁতৰ বলে?
হঞে
টলঙী কলঙীজনী
লচপচি ৰাংঢালী
ডাংকাটি হুতাইতাই,
পালে নেকি পৰুৱাই
উৱাদিহ হেৰুৱাই
ফুৰিছযে অনাই বনাই?
উজনিত বাই ভনী
আছে তোৰ কেইজনী
দিহিঙে দিপাঙে
কেনি দিচাং দিবং?
তোৰ পিছে নাম থলে
কোনেনো কলং?
কিনো গুণিছিলি
কিনো ভাবিছিলি
কি পাং পাতিছিলি আৰু
কিয় তই এনেকৈ
বৰনৈ কেনেকৈ
এৰিথৈ আহিছিলি বাৰু ?
লুইতৰ বুকুতে সুখতে আছিলি
কোন ভুতে কিলাইছিল তোক?
শুকাই চেৰেমা পৰি
চিচৈ পোৱালী হলি
এতিয়া কৰিছ কিয় শোক?
বুঢ়া লুইত নামহে তাৰ
শকতিত সীমা চাৰ
হেজাৰ পিলিঙা ডেকা
তাৰ তিনটিলিকা
বুঢ়াই মিচিকি হাঁহে
ছাপনি উভতি আহে
কোন আহে কোন যায়
লুইতৰ কানসাৰ নাই।
কলঙৰ কানে কানে বিহলঙনি
কচুৱনী ঢেকীয়াৰ লানি
ম’হৰ পিঠিত উঠি বগলী বাইটি
দেখাত লাগিছে নিৰামুই
আহাৰ গৰজি আহে
শাওন সেমেকি নামে
বাঢ়ে বিলৰ বাঢ়নি পানী
দোকোলটকা
অঁহিয়াই আহিনে
কাতিত কুৱঁলি নামে
বিলৰ বুকুত ফুলে জকমকী
পানীমেটেকা
আমি চেঙেলিয়া
আছিলো তেতিয়া
পাখিলগা
বাঘৰ আগতেল খোৱা,
জেং টানো ধৰোঁ চেং
জপিয়াই উঠে বেং
বৰশী চিপত
ৰঙা জিয়াঁৰ লগত
চলচলি চেঙেলীয়ে নাচে।
সাঁত বিহু মিলি
ৰং সকলোটি
একেটি দিনতে যেন যাঁচে।
তোৰ
মৰম মাইহাং
তোৰ
আদৰ আপং
এঢোক দিবিনে মোক?
ফুৰি আহোঁ সৰগৰ পৰা।
কিৰিটীৰ উৰিব ৰাং
নাটৰো পৰিব সাং
বান্ধি থবি মোক
এৰি যদি যাবলৈ খোজোঁ এই ধৰা।
আজি
নেহাঁহিবি মোক
মই কৰা নাই চং
আজি
নেহাঁহিবি মোক
মই ধৰা নাই ঢং
তোৰ
মৰমৰ মদিৰাৰ
ধৰিছে ৰাগী
খোজ মোৰ ধলং পলং।
তই মোৰ মৰমৰ
তই মোৰ চেনেহৰ
জীৱনৰ মৰণৰ
ইপাৰৰ সিপাৰৰ
মাজৰ দলং
মৰিকলং
মৰিকলং।
নকিবুল এহছান
নিউ য়ৰ্ক