মৰাশ
চকুৰ পতাৰে বাগৰি যোৱা দুখবোৰ
কিয় বা আহে নাজানো…
আই পিতাইৰ কথা মনত পৰিলে
দুখ লাগে
তেওঁলোকে কোৱা দুখৰ কথাবোৰ মনলৈ আহে
কি কাৰণত জানো কৈছিল তেওঁলোকে
‘ দুখবোৰ দুখৰ বাবে হ’লে ভাল
দুখবোৰ মানুহৰ বাবে হ’লে ভাল’।
শিকাবোৰ পানীত
শুনাবোৰ মগজুত
বুজাবোৰ হৃদয়ত
নেদেখাবোৰ ভবিষ্যত
ভবাবোৰ কল্পনাৰ সাগৰৰ
ৰামধেনুৰ ৰং
হালধীয়া , সেউজীয়া…
আমি অলৌ- টলৌকৈ বগাই ফুৰিছো
লগ হৈছোঁ
তুমি, মই, তেওঁ
চকুৱে চকুৱে চাইছো
হাঁহিছো
কথা পাতিছো…
শবোৰ এতিয়া সময়ৰ শ হৈ থকা নাই
সময়ে অসময়ে ঘুৰি ফুৰে
য’তে ত’তে
শবোৰ এতিয়া সাগৰৰ পাৰৰ মাছ
প্ৰখৰ ৰ’দত ৰঙা পৰে,
ডাষ্টবিন ,পদপথত উশাহহীন ঘুমতি মাৰে
চিটীবাচতো ওলমি থাকে প্ৰায়ে,
কিছুদিনৰ পৰা
মোকো ভয় এটাই খুলি খাই আছে
” মৰাশ হোৱাৰ ভয় ….”।
++++++++++++++++++++++
লিলি বৈশ্য।
মঙলদৈ।
দূৰভাষ:- ৮৮৭৬৬৮৫৭৯৮