মৰাণত বাদ্যযন্ত্ৰী শিল্পী জিয়াউৰ ৰহমান মৃত্যু উদণ্ড যুৱকৰ প্ৰহাৰত

মৰাণত বাদ্যযন্ত্ৰী শিল্পী জিয়াউৰ ৰহমান মৃত্যু উদণ্ড যুৱকৰ প্ৰহাৰত : সুধাকণ্ঠ,জুবিনৰ লগতো গীটাৰ সংগত কৰিছিল

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ মৰাণত উদণ্ড যুৱকৰ আক্ৰমণত নিহত হয় প্ৰবীন গীটাৰ শিল্পী জিয়াউৰ ৰহমানৰ। মৰাণৰ পিয়লি নগৰ নিবাসী জিয়াউৰ ৰহমান তথা ফৰিদ নামেৰে পৰিচিত গীটাৰ বাদ্যযন্ত্ৰী শিল্পী জিয়াউৰ ৰহমান (৫৫) নামৰ লোকজনৰ মৃত্যুৰ পিছতে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ।উল্লেখযোগ্য যে নিশা প্ৰায় ৮ বজাত এখন দোকানৰ পৰা কিছু সামগ্ৰী কিনি নিজ ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত কেইজনমান যুৱকৰ সৈতে আগ-ভেটা হয় ফৰিদৰ । ফৰিদে যুবক কেইজনক আঁতৰি দিবলৈ কোৱাত খৰ্গহস্ত হৈ বেয়াকৈ মাৰ-পিট কৰে। মৰাণৰ নতুন নগৰৰ প্ৰহ্লাদ দাস আৰু তেওঁৰ লগত থকা এজন সতীৰ্থই এই কাণ্ডত জড়িত থকাৰ অভিযোগ পৰিয়ালৰ। ইফালে, বাদ্যযন্ত্ৰী শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও লাহে লাহে স্বাস্থ্যৰ অৱনতি হৈ আহে আৰু চিকিৎসকে কিছু জিৰণি লোৱাৰ পৰামৰ্শ দিয়ে যদিও স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে প্ৰবীন গীটাৰ বাদক জিয়াউৰ ৰহমানৰ মৃত্যু হয়।এই ঘটনাৰ পিছতে মৰাণ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ ভিত্তিত উদণ্ড যুৱক প্ৰহ্লাদ দাসক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। প্ৰায় ৫৫ বছৰীয়া বাদ্যযন্ত্ৰী শিল্পীগৰাকীয়ে এসময়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ আদি বহু জনপ্ৰিয় শিল্পীৰ সৈতে “গীটাৰ” ব লগতে MUSIC DEN AND DANCE ACADEMY ৰ জড়িয়তে উঠি অহা প্ৰজন্মক সংগীতৰ শিক্ষা দি আহিছিল। তেওঁৰ অকাল মৃত্যুত মৰাণৰ শিল্পী সমাজৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে।