মৰাণত জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা

মৰাণত জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা
সভাপতিৰ দায়িত্বত অংকুৰ প্ৰতিম গগৈ, মুঠ ৭১জনীয়া সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা-   শনিবাৰে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ উদ‍্যোগত মাহমৰা সমষ্টি সমিতিৰ সহযোগত মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হয়৷ নিশালৈ অনুষ্ঠিত জাতীয় যুৱ শক্তিৰ বিষয় বাছনি সভাত জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। জাতীয় যুৱ শক্তিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে অংকুৰ প্ৰতিম গগৈয়ে৷ ৰিদীপ ভূষণ নাথ আৰু চন্দ্ৰপল বৰুৱাক কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছে৷ একেদৰে স্বাক্ষৰজ‍্যোতি বৰগোহাঁই, ইফটিকাৰ হুছেইন, অনন‍্যা শইকীয়া, বৰুণ দাস আৰু বেদান্ত ভৌমিকক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছে৷ জাতীয় যুৱ শক্তিৰ মুঠ ৭১ জনীয়া কেন্দ্ৰীয় কমিটিখন আজি গঠন কৰা হয়৷