মৰমৰ মা
মা মানে মাতৃ জননী আমাৰ
জন্মতেই উম ল’লোঁ জননী কোলাৰ।
দহ মাহ দহ দিন গৰ্ভত ৰাখি
বহু কষ্ট সহিলে ভগৱানক ভাবি।
ফুটো নুফুটো কৰি মাত ওলাওঁতেই
‘মা’ হে নিগৰি আহে দুটি ওঠেৰেই।
‘মা’ বুলি মাতোতে মৌ বৰষে
মতলীয়া কৰি দিয়ে বুকুৰ মৰমে
সুখে দুখে লগৰীয়া জননী আমাৰ
আমাৰ বাবে পাহৰে নিজৰ দেহাৰ।
সন্তানৰ ৰোগ ব্যাধিত ব্যাকুল মন
খোৱা বোৱা ত্যাগ কৰি চিন্তিত হয়।
মাতৃৰ হাতৰ স্পৰ্শ মন পৰশা
দুখ কষ্ট দূৰ হয় শাত পৰে দেহা।
প্ৰণাম কৰোঁ মাতৃ এই দুই হাতে
জীৱন আগুৱাই যাওঁ প্ৰতি জনমে জনমে।
মাতৃৰ আশীৰ্বাদ সদায় নিজ সন্তানক
ভগৱানো সহায় হওক জীৱন যুদ্ধত।
ইৰা বৰুৱা