মৰমৰ ভিক্ষাৰী- জেফলিন চুলতানা

Pc Pixabay
মৰমৰ ভিক্ষাৰী
মৰমৰ ভিক্ষাৰী মই
এই ধৰাখনিত
জানানে কিয় মৰমৰ ‌ভিক্ষাৰী মই ?
মই যে ঘাটমাউৰা ।
 “মা” ……….
বাৰুকৈয়ে মনত পৰে
ল’ৰালিৰ সেই ধেমালিবোৰ ,
মোৰ দুখ-ভাগৰত
তুমি নিচুকাই থৈ যোৱা
মৰমত চুমা এটি খাই যোৱা সেই ক্ষণবোৰ ।
 “মা”………….
তোমাৰ মোহিনী শক্তিৰে
মোক এবাৰ নিজৰ কৰি লোৱা না
চাবা …..!!
কোনোদিনে মই তোমাক চকুৰ আঁতৰ হ’ব নিদিওঁ
তোমাক লৈ আকৌ পাৰ কৰিম
তোমাৰ মোৰ সেই নষ্টালজিয়া মুহূৰ্তবোৰ ।
কল্পনাৰ মায়াজালত নিবিচাৰোঁ তোমাক
বাস্তৱত বিচাৰোঁ  “মা” ।
তুমি অবিহনে যে মই কেতিয়াও
অনুভৱ কৰিব নিবিচাৰোঁ
অমাৱশ্যাৰ নিশাৰ শূন্যতা ।
যান্ত্ৰিকতাৰ যুগৰ এই ধৰাখনিত
জীৱনৰ বহু বোজা কঢ়িয়াই লৈ ফুৰোঁতেওচোন
কোমলীয়া ওঁঠৰ হাঁহি বিৰিঙাব
বাৰুকৈয়ে চেষ্টা কৰোঁ
কিন্তু মই যে মৰমৰ ভিক্ষাৰী “মা” ।
                          জেফলিন চুলতানা