মৰমৰ আই
এছ ইছলাম ,বৰপেটা
যিজনে নিজৰ জীৱন
কৰি দিয়ে বিসৰ্জন
সহিব লাগে যমৰ যাতনা
সন্তানৰ বাবে নাথাকে বেদনা ।
নিজৰ খাবলৈ নাই মন
কোলাত তুলি লয় আঁচলৰ ধন
নিজৰ শুবলৈ নাই মন
যদি কান্দে মৰমৰ বাপুকন ।
ফুট্ ফুটীয়া মুখনি চাই
দুগালত চেনেহৰ চুমা খাই
পৃথিৱীৰ সকলো দুখ-কষ্ট
পাহৰি যায় সন্তানৰ মুখলৈ চাই ।
দহ মাহ দহ দিন
ধাৰণ কৰে নিজৰ গৰ্ভত
উঠা-বহা খোৱা-বোৱাত
কষ্ট সহে সীমাহীন ।
কিমান কষ্ট দিলোঁ মাকক
হিচাপ নাই কাৰো হাতত
দুখ পাহৰি যায় “আই” মাতত
কেনেকৈ পাহৰি যাওঁ সিজনাক।