মৰমীক লৈ…- নন্দেশ্বৰ মিলি

pc Jooinn
মৰমীক লৈ…

তালে তালে

তোমাৰ নাচে
ৰুণুক-জুনুক
নূপুৰ বাজে
মোৰ মনে-প্ৰাণে
মৰমী
তোমাকে বিচাৰে…
বিলৰ পাৰে পাৰে
ৰিব্ ৰিব্ মলয়া বলে
তোমাৰ দুষ্টামি চাৱনিয়ে
মৰমী
মোৰ নিদ্ৰা হৰে…
ক্ষণে ক্ষণে
প্ৰহৰে প্ৰহৰে
ভালপোৱাৰ সমীকৰণ
মোৰ হৃদয়ত জাগে
মৰমী
তোমাৰ বাবে।
নন্দেশ্বৰ মিলি