মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডি লীট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ 

মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডি লীট সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডক্টৰ অৱ লেটার্চ (ডি লীট) সন্মান আগবঢ়োৱা হয়। আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন। এই অনুষ্ঠানতে জুবিন গাৰ্গলৈ মৰণোত্তৰ ভাৱে ডি.লিট সন্মান আগবঢ়োৱা হয়। কলা, সংস্কৃতি আৰু সমাজলৈ তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। জুবিনৰ হৈ এই সন্মান গ্রহণ কৰে ভগ্নী ড০ পামী বৰঠাকুৰে।ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ অধ্যক্ষতাত আজিৰ এই সমাৱৰ্তন অনুষ্ঠিত হয়বিশ্ববিদ্যালয় কর্তৃপক্ষ প্রকাশ কৰা মতে, জুবিন গাৰ্গৰ সংগীত, সংস্কৃতি আৰু সমাজ জীৱনত অনবদ্য অৱদান অসমৰ অনন্য সম্পদ। সেইবাবে তেওঁৰ সৃষ্টিশীল যাত্ৰাক সন্মান জনাবলৈ এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই শিল্পীগৰাকীৰ ভগ্নী ড০ পামী বৰঠাকুৰৰ হাতত এই বঁটা অর্পণ কৰে।