মৰণফান্দত পৰিণত হৈছে মহানগৰীৰ নিৰ্মীয়মাণ উৰণ সেতু
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰবাসীৰ যানজটমুক্ত সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চলিছে উৰণ সেতুৰ নিৰ্মাণকাৰ্য। ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যদিও ঠিকাদাৰী প্ৰতিষ্ঠান আৰু বিভাগীয় কর্তৃপক্ষৰ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাত এতিয়া মৰণফান্দত পৰিণত হৈছে নির্মীয়মাণ উৰণ সেতু। ঠিকাদাৰী প্ৰতিষ্ঠানে উৰণ সেতুৰ নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ চলাই আহিছে নির্মাণকার্য। যাৰ ফলত নির্মীয়মাণ উৰণ সেঁতুত সংঘটিত হৈছে এটাৰ পাছত আনটো দুর্ঘটনা। কিছুদিন পূবে আমবাৰী-বামুণীমৈদাম সংযোগী নির্মীয়মাণ উৰণ সেতুত এজন শ্রমিক বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হৈছিল। ঠিকাদাৰী প্ৰতিষ্ঠান আৰু বিভাগীয় কর্তৃপক্ষই শ্ৰমিকৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰাত পুনৰ চানমাৰিত নিৰ্মীয়মান উৰণ সেতুত কৰ্মৰত এজন শ্রমিক বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। শনিবাৰে পুৱা নিৰ্মাণকাৰ্য চলাই থকাৰ সময়তে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ছাইফুল নামৰ শ্ৰমিকজনৰ শৰীৰৰ এটা অংশ জ্বলি যায়। এই ঘটনা সংঘটিত হোৱাৰ সময়ত পথচাৰী আৰু শ্ৰমিকসকলে ছাইফুলৰ জ্বলি যোৱা শৰীৰ অসহায়ভাৱে চাই থাকিবলগীয়া হয়। অৱশ্যে চানমাৰি আৰক্ষীৰ তৎপৰতাত বিদ্যুৎ কৰ্তন কৰাত শ্রমিকজন তললৈ সৰি পৰে। গুৰুতৰভাৱে আহত শ্রমিকজনক আৰক্ষীয়ে জিএমচিএইচত ভর্তি কৰে। সম্প্ৰতি সংকটজনক অৱস্থাত ছাইফুল চিকিৎসাধীন আছে। ইফালে শুক্ৰবাৰে ৰুক্মীণীগাঁৱত নির্মীয়মাণ উৰণ সেতুৰ ৰড খহি এগৰাকী মহিলা কথমপি ৰক্ষা পৰে। সুৰক্ষামূলক ব্যৱস্থা নকৰাকৈ দিনে-নিশাই মহানগৰীত উৰণ সেতু নিৰ্মাণৰ কাম চলাই শ্রমিক আৰু পথচাৰী জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ঠিকাদাৰী প্ৰতিষ্ঠানে। মহানগৰীত নির্মীয়মাণ উৰণ সেতুত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি নিৰ্মাণ কাৰ্য চলাবলৈ মহানগৰবাসীয়ে বিভাগীয় কর্তৃপক্ষ আৰু ঠিকাদাৰী প্রতিষ্ঠানক আহ্বান জনাইছে।