মৰক্কোৰ সপোন থানবান কৰি বিশ্বকাপৰ ফাইনেলত ফ্ৰান্স
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বকাপৰ ছেমি ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হ’ল মৰক্কো। ২–০ গ’লত ফ্ৰান্সৰ হাতত পৰাস্ত হ’ল মৰক্কো। বেলজিয়াম, স্পেইন আৰু পৰ্তুগালক পৰাস্ত কৰাৰ পিছত দলটোৰ আত্মবিশ্বাস তুংগত আছিল। কিন্তু ছেমিত শক্তিশালী ফ্ৰান্সৰ হাতত শিৰনত কৰিবলৈ বাধ্য হ’ল মৰক্কো। খেল আৰম্ভ হোৱাৰ পাঁচ মিনিটৰ ভিতৰতে প্ৰথমটো গ’ল কৰে ফ্ৰান্সে। ৭৯ মিনিটত দ্বিতীয়টো গ’ল কৰে ফ্ৰান্সে।
