ম্যানমাৰৰ পৰা ৯০০ উগ্ৰপন্থী অনুপ্ৰৱেশ কৰিছে মণিপুৰত
ৰঙিলী বাৰ্ত্তাসেৱা- ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰা উগ্ৰপন্থীয়ে ভয়াৱহ আক্ৰমণ চলাব মণিপুৰত। কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত গোষ্ঠীসংঘর্ষই মণিপুৰ অশান্ত কৰি ৰখাৰ সময়তে কুকি উগ্রপন্থীয়ে ড্রোনেৰে বোমা নিক্ষেপ কৰি ইতিমধ্যে ভয়াবহ আক্রমণ চলাইছে। এই ভয়াৱহ আক্রমণৰ বাবে অশান্ত হৈ আছে ৰাজ্যখন। চোৰাংচোৱা সূত্ৰই লাভ কৰা তথ্য মতে, ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থী মণিপুৰত অনুপ্ৰৱেশ কৰিছে। অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত ৯০০ কুকি উগ্রপন্থীয়ে ৩০জনীয়া গোটত বিভক্ত হৈ ৰাজ্যখনৰ বিভিন্ন স্থানত বাহৰ পাতিছে। যিকোনো মুহূর্ততে এই উগ্রপন্থী গোটকেইটাই ভয়াবহ আক্রমণ সংঘটিত কৰিব পাৰে। চোৰাংচোৱা সূত্রই এই তথ্য লাভ কৰাৰ পাছতে ৰাজ্যখনত সেনাক সতৰ্ক কৰি দিয়া হৈছে। তথ্য মতে, কুকি উগ্রপন্থীয়ে চলিত মাহতে ভয়াবহ আক্রমণ সংঘটিত কৰিব। এক সূত্রই প্রকাশ কৰা মতে, ২৮ ছেপ্টেম্বৰত সশস্ত্ৰ কুকি উগ্রপন্থীয়ে মণিপুৰত সংহাৰ চলোৱাৰ সম্ভাৱনা আছে। মণিপুৰৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে প্রকাশ কৰা মতে, ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰা উগ্রপন্থী সংগঠনে আক্রমণ কেতিয়া ক’ত কৰিব সেয়া নিশ্চিত নহয় যদিও চোৰাংচোৱাৰ তথ্য এশ শতাংশ নিশ্চিত বাবেই সেনাক সজাগ কৰি ৰখা হৈছে। গুৰুত্বপূৰ্ণ যে মণিপুৰত বিভিন্ন অঞ্চলত বাহৰ পাতি থকা কুকি উগ্রপন্থী সংগঠনৰ দুৰ্ধৰ্ষ সদস্য অতি কঠোৰ প্ৰশিক্ষণপ্রাপ্ত। উগ্রপন্থী সদস্যসকলে ড্রোনৰ জৰিয়তে আক্ৰমণ চলাব পাৰে, জংঘলত অনায়াসে যুদ্ধ কৰিব পাৰে, সকলো ধৰণৰ অত্যাধুনিক অস্ত্র-শস্ত্র চলোৱাত দক্ষ এই উগ্রপন্থী দলটোৰ সদস্য। ইপিনে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ আৰু কূটাঘাতমূলক কার্যত বিদেশী শক্তিৰ হাত আছে বুলি মুখ্যমন্ত্রী এন বীৰেন সিঙে প্ৰকাশ কৰিছে। চোৰাংচোৱাৰ মতেও কুকি উগ্রপন্থী সংগঠনক চীন আৰু পাকিস্তানৰ আইএছআয়ে সহায় কৰি আহিছে। তদুপৰি ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ সৈতেও জড়িত হৈ আছে কুকি উগ্রপন্থী।