ম্যানমাৰৰ আলফা শিবিৰত ড্রোন আক্রমণত তিনি শীর্ষ নেতা নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- ম্যানমাৰৰ গোপন স্থানত থকা আলফা (স্বাধীন) আৰু মণিপুৰৰ সশস্ত্র সংগঠন পিএলএ তথা ইয়াৰ ৰাজনৈতিক শাখা আৰপিএফৰ গোপন শিবিৰত চলিল ভাৰতীয় সেনাৰ আক্রমণ। দেওবাৰে পুৱতিনিশা ২ বজাৰ পৰা ৪ বজালৈ প্ৰথমতে বিভিন্ন শিবিৰত ডেৰশতাধিক ড্রোনেৰে সেনাই বোমাবর্ষণ কৰে। এই ঘটনাত সশস্ত্র সংগঠনটোৰ তিনিজন শীর্ষ নেতা নিহত হৈছে। তেওঁলোক হৈছে নিম্ন পৰিষদৰ সভাপতি লেফটেনেন্ট জেনেৰেল নয়ন অসম, ব্রিগেডিয়াৰ গণেশ অসম আৰু কর্নেল প্রদীপ অসম। এই ঘটনা সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেন্ট ঈশান অসমে সংবাদ মাধ্যমলৈ তিনিখন বিবৃতি প্ৰেৰণ কৰে। প্ৰথমখন বিবৃতিত কোৱা হয় যে ১৩ জুলাইত নাগালণ্ডে-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাংচ’ পাছলৈকে আলফা (স্বাধীন) আৰু আৰপিএফ/পিএলএৰ বিভিন্ন চলমান শিবিৰত পুৱতিনিশা প্রায় ২ বজাৰ পৰা ৪ বজালৈ ভাৰতীয় বাহিনীয়ে ইজৰাইল-ফ্ৰান্সত নির্মিত ড্রোনেৰে অতর্কিতে আক্রমণ চলায়। আলফা (স্বাধীন) ৰ বিভিন্ন শিবিৰত ডেৰশতাধিক ড্রোনেৰে বোমাবর্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হোৱাৰ উপৰি বিভিন্ন সময়ত প্রায় ১৯জন নেতা-সদস্য আহত হৈছে। দ্বিতীয়টো বিবৃতিত আলফা (স্বাধীন) ৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ অন্ত্যেষ্টিক্রিয়া চলি থকাৰ সময়তে মিছাইল নিক্ষেপ কৰা বুলি দাবী কৰে। এই আক্ৰমণত ব্রিগেডিয়াৰ গণেশ অসম আৰু কর্নেল প্রদীপ অসমৰ মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো নেতা-সদস্য আৰু সাধাৰণ নাগৰিক আহত হয়। সেইদৰে একাংশ বৈদ্যুতিন সংবাদ মাধ্যমত কোনোধৰণৰ ড্রোন-মিছাইল আক্রমণ চলোৱা নাই বুলি সম্প্ৰচাৰিত বাতৰিক ভিত্তিহীন আখ্যা দি তৃতীয়টো বিবৃতিত কোৱা হয় যে ভাৰতীয় বাহিনীয়ে বর্তমানেও অৰুণাচল প্ৰদেশৰ পৰা আলফা (স্বাধীন)ৰ শিবিৰসমূহলৈ লক্ষ্য কৰি তৃতীয়টো ড্রোন আক্রমণ অব্যাহত ৰাখিছে। যাৰ জ্বলন্ত প্রমাণ স্থানীয় জনগণ। আলফা (স্বাধীন) ৰ নেতৃত্বৰ লগতে বিষয়া, সদস্য-সদস্যাসকল মুক্তি বিপ্লৱৰ নীতি-আদৰ্শত অলৰ-অচৰ। মুক্তি সেনানীসকলৰ ওপৰত বোমা-বাৰুদেৰে আঘাত হানি আমাক লক্ষ্যভ্রষ্ট অথবা বিচলিত কৰিব নোৱাৰিব। ইফালে, ম্যানমাৰত থকা আলফা (স্বাধীন) ৰ শিবিৰত আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰিছে ভাৰতীয় সেনাই। গুৱাহাটীস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া লেফটেনেন্ট কর্নেল মহেন্দ্ৰ ৰাৱাটে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এনেধৰণৰ কোনো অভিযানৰ তথ্য ভাৰতীয় সেনাৰ হাতত নাই।ম্যানমাৰত থকা আলফা (স্বাধীন)ৰ শিবিৰত হোৱা ড্রোন আক্রমণত অসম আৰক্ষী জড়িত নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। গোলাঘাটৰ সৰুপথাৰত বান আশ্রয় শিবিৰ পৰিদৰ্শনৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে দেওবাৰে নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ, ড্রোন আক্রমণ কৰা বুলি আলফাৰ এটা বিবৃতি অলপ আগতে দেখিছোঁ। অসম আৰক্ষী ইয়াত জড়িত নহয়। অসমৰ মাটিৰ পৰাও কোনোধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ’লে সেনাবাহিনীয়ে বিবৃতি দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো কোনো বিবৃতি দেখা নাই। উল্লেখ্য যে আলফাৰ ম্যানমাৰ শিবিৰত ভাৰতীয় সেনাই ড্রোনেৰে আক্ৰমণ কৰা বুলি এক বিবৃতি নিষিদ্ধঘোষিত সংগঠনটোৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত আলফাৰ শীর্ষ নেতাসহ ১৯জন কেডাৰ নিহত হৈছে আৰু আন ১৯জন আহত হৈছে।