ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত সেনাৰ ড্রোন আক্রমণ

ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত সেনাৰ ড্রোন আক্রমণ

ৰঙিলী বাৰ্ত্তাসেৱা- ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্রোন আক্রমণ। পুৱতি নিশা ভাৰতীয় সেনাই প্রায় ১০০ ড্রোণেৰে ম্যানমাৰৰ ভিতৰত থকা আলফা (স্বা)ৰ শিবিৰত চলোৱা আক্রমণত আলফা (স্বা)ৰ বহু কেডাৰ হতাহত হোৱাৰ লগতে বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হৈছে। আলফা (স্বাধীন)য়ে এক বিবৃতিযোগে এই কথা নিশ্চিত কৰিছে।আলফা (স্বাধীন)য়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, ১৩ জুলাই ২০২৫ তাৰিখে নাগালেণ্ড-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” আৰু “আৰ পি এফ/ পি এল এ” সংগঠনৰ বিভিন্ন চলনাম শিবিৰত সেনাই ড্ৰোণেৰে আক্ৰমণ কৰে। সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে৷ আলফা (স্বাধীন)য়ে বিদ্ৰোহী সংগঠনৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সেনাই সংঘটিত কৰা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মৃত্যু হৈছে বুলি জানিবলৈ দিছে । ইয়াৰ লগতে সংগঠনটোৰ বিভিন্ন শিবিৰত থকা প্ৰায় ১৯ গৰাকী বিষয়া-সদস্য আহত হোৱাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে।উল্লেখ্য যে, বিগত সময়ত আলফা (স্বাধীন) ৰ দাবীসমূহ পূৰণৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সৈতে যুক্তিপূৰ্ণ আলোচনাৰ বাবে পৰেশ বৰুৱাই সন্মতি প্ৰকাশ কৰি অহা দেখা গৈছে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীয়েও আলফা (স্বাধীন)ৰ সৈতে বুজাবুজিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এই সন্দৰ্ভত কথা-বতৰা হৈ থকা বুলি বিভিন্ন সময়ত উল্লেখ কৰিছে আহিছে। ইয়াৰ মাজতে আলফা (স্বাধীন)ৰ শিবিৰত ভাৰতীয় সেনাৰ এই আক্ৰমণে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে।