ম্যানমাৰত সামৰিক বাহিনীৰ বিমান আক্ৰমণত ৩০ অসামৰিক লোক নিহত 

ম্যানমাৰত সামৰিক বাহিনীৰ বিমান আক্ৰমণত ৩০ অসামৰিক লোক নিহত 

ৰঙিলী বাৰ্ত্তাসেৱা- ম্যানমাৰত ছাগাইং অঞ্চলত বৌদ্ধ মঠৰ চৌহদত সামৰিক বাহিনীয়ে বিমানেৰে চলোৱা আক্ৰমণত অতি কমেও ৩০ জন অসামৰিক লোক নিহত হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হৈছে। নিহত লোকৰ ভিতৰত ৪টা শিশুও আছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আং-ছান-ঢ্যুকীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনত গৃহযুদ্ধই ভয়াৱহ ৰূপ লৈছে। তথ্যমতে  সামৰিক বাহিনীৰ যুদ্ধ বিমানে লিন টা লু গাঁৱৰ বৌদ্ধ মঠৰ চৌহদত বোমা পেলোৱাত চৌহদত আশ্রয় লৈ থকা ৩০জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০জনতকৈ অধিক আহত হৈছে। গৃহযুদ্ধৰ ফলত ভগনীয়া গাঁওবাসীয়ে বৌদ্ধ মঠৰ চৌহদত আশ্রয় লৈ আছিল। সামৰিক বাহিনীয়ে ভগনীয়া গাঁওবাসীৰ ওপৰতে বোমাৰে আক্রমণ চলায়। উল্লেখ্য যে চৰকাৰবিৰোধী দল তথা বিদ্রোহী সংগঠনৰ সৈতে সামৰিক বাহিনীৰ সংঘাতৰ ফলত অঞ্চলটোৰ বহু লোক ভগনীয়া হৈছে। এই লোকসকলে আশ্রয় লৈ থকা মান্দালয়ৰ পৰা উত্তৰ-পশ্চিমৰ বৌদ্ধমঠৰ চৌহদৰ সামৰিক বাহিনীৰ আক্ৰমণক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে। দেশখনত সামৰিক বাহিনী আৰু বিদ্রোহীৰ মাজত সংঘাতে মানৱীয় সংকটৰ সৃষ্টি কৰিছে।