ম্যানমাৰত বৰভূঁইকঁপত মৃতকৰ সংখ্যা ১০০০লৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ম্যানমাৰ । শুকুৰবাৰে পুৱা ৭.৭ প্রাবল্যৰ পাছত পুনৰ ৬.৪ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ আৰু থাইলেণ্ডৰ বিভিন্ন অঞ্চল। শক্তিশালী ভূমিকম্পত বিধ্বস্ত হৈছে থাইলেণ্ডৰ ৰাজধানী বেংকক। বেংককত তাচপাতৰ দৰে খহি পৰে প্রাসাদোপম অট্টালিকা। ভূমিকম্পৰ প্ৰবল জোকাৰণিত ম্যানমাৰ আৰু থাইলেণ্ডৰ বেংকককে ধৰি বিভিন্ন অঞ্চলৰ শতাধিক বাসগৃহ বিধ্বস্ত হোৱাৰ লগতে দলং ভাগি পৰিছে। বাট-পথসমূহত প্রকাণ্ড প্রকাণ্ড ফাট মেলিছে। এই ভূমিকম্পত এতিয়ালৈকে প্রায় ১০০০জন লোকৰ প্রাণহানি হৈছে। ম্যানমাৰৰ ক্ষমতাত থকা সামৰিক চৰকাৰে এই তথ্য দিছে। লগতে এই ভূমিকম্পত ১৬৭০জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।ভূমিকম্পৰ কম্পন থাইলেণ্ড, বাংলাদেশ, চীন আৰু ভাৰত পর্যন্ত অনুভৱ হৈছিল। থাইলেণ্ডতো ১০জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰু ১০০ৰো অধিক লোক নিৰুদ্দেশ হৈছে। আনহাতে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ অনুমান অনুসৰি এই ভূমিকম্পৰ ফলত কেৱল ম্যানমাৰতে ১০ হাজাৰ লোকৰ মৃত্যু হ’ব পাৰে। তথ্য মতে, ম্যানমাৰ আৰু থাইলেণ্ডত শতাধিক লোক নিৰুদ্দেশ হৈ আছে। উদ্ধাৰকাৰী দলসমূহে ইতিমধ্যে ধ্বংসস্তূপৰ মাজত জীৱিত আৰু মৃত লোকৰ সন্ধান চলাই আছে। শুকুৰবাৰে পুৱা ৭.৭ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণিত জনতাৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। জীৱন বচাবলৈ দৌৰা-দৌৰি কৰে। ইয়াক ২০০ বছৰৰ আটাইতকৈ ডাঙৰ ভূমিকম্প বুলি কোৱা হৈছে। ইপিনে, সামাজিক মাধ্যমত ভূমিকম্পৰ জোকাৰণিত জনতাৰ হাহাকাৰ আৰু অট্টালিকা ভাগি পৰাৰ ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে। শক্তিশালী ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা ম্যানমাৰ আৰু থাইলেণ্ডত ইতিমধ্যে চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পি চিনাৱাট্টাই ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে। বেংককৰ বিভিন্ন অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে। জনতাক এছএমএছ আৰু মিডিয়াযোগে উদ্ধাৰকাৰী দলক তথ্য অৱগত কৰিবলৈ আহ্বান জনাইছে প্রধানমন্ত্ৰীগৰাকীয়ে। ম্যানমাৰতো জৰুৰী অৱস্থা ঘোষণা কৰি উদ্ধাৰৰ লগতে বিভিন্ন কাৰ্যত সহায়ৰ বাবে বিদেশী ৰাষ্ট্ৰক আহ্বান জনাইছে চৰকাৰখনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জি এফ জেড চেণ্টাৰ ফ’ৰ জিঅ’ ছায়েঞ্চে প্রকাশ কৰা মতে, ম্যানমাৰৰ ছাগাই চহৰৰ উত্তৰ-পশ্চিমে ১৬ কিলোমিটাৰ নিলগত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ। পুৱা প্রায় ১১.৫০ বজাত ৭.৭ প্রাবল্যৰ শক্তিশালী ভূমিকম্পটোৱে জোকাৰি যোৱাৰ ১২ মিনিট পাছত আন এটা ৬.৪ প্রাবল্যৰ ভূমিকম্পই দেশখন জোকাৰি যায়।এই দুই শক্তিশালী ভূমিকম্পৰ পৰৱৰ্তী সময়ত সৰু সৰুকৈ ১৪টা ভূমিকম্পৰ সৃষ্টি হয়। এইদৰে ১০ ঘণ্টাৰ ভিতৰত ম্যানমাৰ মুঠ ১৫বাৰ কঁপাইছিল। এই সময়ছোৱাত গড় তীব্ৰতাৰ কম্পন অনুভৱ কৰা হৈছিল। কিন্তু ইয়াৰে এটা ভূমিকম্প ৬.৭ প্রাবল্যৰ আছিল। শক্তিশালী ভূমিকম্পৰ ফলত ম্যানমাৰত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে শতাধিক লোকৰ প্রাণহানি হৈছে। শতাধিক লোক আহত হোৱাৰ লগতে অনেক লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে ম্যানমাৰ আৰু থাইলেণ্ডৰ উপৰি এই ভূমিকম্পৰ জোকাৰণি বাংলাদেশ আৰু ভাৰততো অনুভূত হয়। অৱশ্যে ম্যানমাৰ আৰু থাইলেণ্ডৰ দৰে এই দুই দেশত বিশেষ ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই। বেংককত থকা ভাৰতীয় দূতাবাসে ইতিমধ্যে হেল্প লাইন নম্বৰ প্ৰচাৰ কৰি ভাৰতীয় লোকক তথ্য অৱগত কৰিবলৈ আহ্বান জনাইছে। ইপিনে, ম্যানমাৰ আৰু থাইলেণ্ডত ভূমিকম্পই হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিধ্বস্ত দুই দেশলৈ সহমর্মিতা প্রকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে কয়- ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পাছৰ পৰিস্থিতিক লৈ উদ্বিগ্ন। সুৰক্ষা আৰু সকলোৰে কল্যাণৰ বাবে প্রার্থনা জনাইছোঁ। ভাৰত সকলো সম্ভাব্য সহায়ৰ বাবে সাজু হৈ আছে। ইতিমধ্যে বিভাগীয় কর্তৃপক্ষসমূহক সাজু হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে। বৈদেশিক মন্ত্রালয়ক ম্যানমাৰ আৰু থাইলেণ্ডৰ চৰকাৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰিবলৈ নির্দেশ দিয়া হৈছে।