মৌলবাদী জেহাদীৰ বাবে অসমত অসুৰক্ষিত নাৰী সমাজ” : এবিভিপি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বহুকেইটা স্থানত শেহতীয়াকৈ সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ আহ্বান মৰ্মে অসমৰ বিভিন্ন প্ৰান্তৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি এবিভিপিৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ বাবে অসমৰ জনগাঁথনিৰ পৰিবৰ্তন বুলি উল্লেখ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি সমগ্ৰ অসমত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। অসমৰ ভয়াবহ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰক এই ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ আৰু অসমৰ জনসাধাৰণকো এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে “মৌলবাদী জেহাদীৰ বাবে অসমত নাৰী সমাজ অসুৰক্ষিত বুলি উল্লেখ কৰে। ইয়াৰ লগতে নগাওঁ, গুৱাহাটী, লংকা, শিলচৰ, গোৱালপাৰা, ধুবুৰী জিলাৰ বিভিন্ন স্থানটো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।