মৌনতা – শ্ৰী সুৰজিৎ ভূঞা

PC - Freerange Stock
মৌনতা
শ্ৰী সুৰজিৎ ভূঞা
মেটুৱাকুছি, শান্তিনগৰ, বৰপেটা
মৌনতাৰে জগত জিনিব পৰাটো কঠিন কিন্তু মৌনতাৰ সুফল অত‍্যাধিক । মৌনতাৰে যুজঁ দিয়া জনক হয়তো আমি ভাবোঁ শক্তিহীন ! কিন্তু ইয়াৰ অন্তৰালত আছে এজন জ্ঞানী ব‍্যক্তিৰ মহত্ত্ব ।মানৱ জীৱনত সাফল্য লাভ কৰিবৰ বাবে বা শান্তি লাভ কৰিবৰ বাবে মৌনতা অৱলম্বনে হৈছে সঠিক উপায় । মৌনতাই মানুহক বহু কথাই শিকাই ।মৌনতা বুলিলে সাধাৰণতে আমি ভাবোঁ যে মৌনতাৰে জয়ী হোৱাটো জানোঁ সম্ভৱ ? ভাৰতীয় শাস্ত্ৰত মৌনতা/মৌনব্ৰতৰ গুৰুত্ব অধিক ।আমাৰ পৰম আৰাধ্য দেৱতা শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত এই মৌনতা/মৌনব্ৰতৰ ওপৰত এনেদৰে কৈছিল যে যিকোনো ক্ষণত যিকোনো কথাৰ উত্তৰ অথবা প্ৰতুত্ত‍্যৰ দিয়াটো আৱশ্যক নহয় অথবা মানুহে ক্ষণ অনুযায়ী মৌনতা/মৌনব্ৰত অৱলম্বন কৰাটো অতিকৈ আৱশ্যক ।ইয়াৰ পৰাও আমি শিকিব পাৰোঁ যে মৌনতাই মানুহক সু-পথে পৰিচালনা কৰে ।মৌনতা অৱলম্বন এক কঠিন কাম যদিও ই জীৱন জীয়াব পৰা অতি সহজ উপায় ।এই উপায়েৰে মানৱ জীৱনত সুখ-শান্তি আৰু কোনো কামৰ সমাধান ইত্যাদি কাৰ্য্য সহজলভ্য ।আমি যেতিয়া অধিক চেষ্টা, কষ্ট কৰিও কোনো এটা কাৰ্য্য বা বস্তুৰ সুফল পাবলৈ সক্ষম নহও অথবা সমাধান কৰিব নোৱাৰো তেতিয়া আমাৰ শেষ উপায় হৈ পৰে মৌনতা ।তেতিয়া মৌনতা অথবা মৌনব্ৰত হৈ পৰে আমাৰ বাবে অমূল্য সম্পদ যাৰ জড়িয়তে আমি সেই সমস্যাক অতি সহজেই সমাধান কৰিবলৈ আৰু জীৱনত সুখ-শান্তি অটুট ৰাখি জীৱন জীয়াবলৈ সক্ষমতা লাভ কৰোঁ ।