মৌনতা – মিতালি বৰঠাকুৰ

PcZapier

মৌনতা

মিতালি বৰঠাকুৰ
মালিগাওঁ ( আদৰ্শ কলনী )

মৌনতা – –
এক নীৰৱ সংগ্ৰাম
জীৱন জীয়াবলৈ মৌনতাৰ বিশেষ প্ৰয়োজন
বাৰ্ধক্যই যেতিয়া  জীৱনক গ্ৰাস কৰে
তেতিয়াই মৌনতাই বুকুত বাহ লয়।

মৌনতা  – –
জীৱনত সঠিক পথ পাবলৈ
দুহাতেৰে চপাই লোৱা এক সাৰ্থক অস্ত্ৰ ।

মৌনতা  – –
কোনো শব্দ নোহোৱাকৈ প্ৰতিশ্ৰুতি দিয়া
এক নিৰ্লোভ ভাস্কৰ্য্য
যি শব্দতকৈয়ো  তীক্ষ্ণ।