মৌনতা – পৰিস্মৃতা বৰা হাজৰিকা

Pc Peakpx

মৌনতা

পৰিস্মৃতা বৰা হাজৰিকা
নিকিনিখোৱা গাওঁ , মাজুলী

পৰিয়ালৰ একমাত্ৰ ভৰষা ৰমেনৰ আকস্মিক মৃত্যুৰ খবৰটো বনজুইৰ দৰে গোটেই গাৱতেই বিয়পি পৰিল । আকাশখন খহি পৰিল ৰাধাৰ মুৰত । উঠন পেটটোৱে তাই এতিয়া কি কৰিব ? সকলোৱে মুখে মুখে আলোচনাৰ বিষয় হ’ল তাই । তেনেতে গাৱৰ মুখিয়াল গাওঁবুঢ়া দেউতা আগবাঢ়ি আহিল তাইৰ কাষলৈ । তেওঁ দিয়া সান্ত্বনাবাণীৰ অৰ্থ আনে নুবুজিলেও তেওঁ সেই চকু যুৰিৰ অৰ্থ কিন্তু ৰাধাই ভালকৈয়ে বুজিলে ।