মৌনতা – অনামিকা কলিতা

Pc- Power Admin

মৌনতা

অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি

মৌনতাইওঁ শান্তি দিয়ে ,
নিজৰ লগতে কথাপাতো
বিচিত্ৰ শব্দবোৰ বুতলি ।
মনতেই পাগুলি থাকো
নিজৰ মনৰ ভাৱবোৰ।
মৌনতাৰ সাগৰত
বিলীন হৈ ,
হৃদয়ৰ নৈখন
গতি কৰে নিঃশব্দে
নিৰবে মৌনতাৰ সমাধিত।