মৌনতাৰ ভাষা – নাচিমা য়াচমিন

মৌনতাৰ ভাষা

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

কেতিয়াবা কিছুমান কথা
কোৱা নহয় ;
কেৱল দিঘলীয়া হুমুনিয়াহ
এটি কাঢ়ি
হৃদয়ৰ মাজতে সাঁচি
ৰখা হয়।
মাজে মাজে ই নীৰৱে ওলাই আহে,
নিজৰ সৈতে যুঁজে
আকৌ উভতি যায়
হৃদয়ৰ গভীৰলৈ,
কোনেও একো গম নোপোৱাকৈয়ে।
কোনেনো বুজে এই
মৌনতাৰ ভাষা,
নীৰৱ হুমুনিয়াহৰ
গোপন কথা ,
একান্ত যন্ত্ৰণাৰ
কৰুণ ব্যথা।