মৌনতাৰ অন্তযামী দিগন্ত
ভাস্কৰ প্ৰিয়ম হাজৰিকা,কৰচুং সত্ৰ, নগাঁও
অন্তযামী সুৰ্য্যৰ নিৱিড় আভাত
মৌন হয় দিগন্তৰ অলিখিত ঠিকনা,
অস্তিত্বহীনতাৰ বুকুত এনেদৰে বিলীন হয়।
কোলাহল-মৌনতাৰ অদৃশ্য সন্ধিক্ষণত
হেৰুৱাইছোঁ কেৱল নিজকে
যাযাবৰী অনুভৱৰ বিভ্ৰান্ত মানচিত্ৰত
বাৰে বাৰে নিজকে আত্মসমৰ্পণ কৰোঁ
স্তব্ধতাৰ বুকুত বিমূৰ্তভাৱে।
সাগৰ…
মই তোক বেয়া পাওঁ।
তোৰ কোৱাল ঢৌবোৰৰ আঘাতে
মোৰ ব্যঞ্জনাময় হৃদয়ৰ
বাখৰুৱা মৰমবোৰ
আজিও উন্মোচন কৰিবলৈ অপাৰগ।
আন্ধাৰৰ মাজত দৃঢ় হোৱা
গোপন পোহৰৰ নৈখনেই
অৰ্ধসঞ্জীৱিত কৰে মোৰ জীৱনৰ
বৰ্ণিল পটভূমিৰ পুনৰুত্থান।
কথাবোৰ নক্ষত্ৰধূলিৰ দৰে উজ্জ্বল,
সময়বোৰ এতিয়া পুৰাতনী
কল্পগাথাৰ দৰে মৌনতাৰ প্ৰতিধ্বনি।
ঠিক শৈশৱৰ কুঁহিপাঠখনত
সংৰক্ষিত হৈ থকা
শৈশৱৰ নিৰ্মল স্মৃতিৰ দৰে।
