মৌনতাই যেতিয়া কথা কয়
দিব্যজ্যোতি বৰা,মাজুলী
মৌনতাই যেতিয়া কথা কয়
অনুভূতি বোৰ তেতিয়া পাৰ ভাঙি ওলায় আহে,
শব্দ বোৰ তেতিয়া কঠিন হৈ পৰে।
আৰু শব্দ বোৰে যেতিয়া কথা কয়,
হৃদয় খন, হৃদয় খন এটুকুৰা মমৰ দৰে জ্বলি উঠে।
শব্দ বোৰে প্ৰাণ ঢালি হাঁহে,
উশাহ বোৰ ঘন হৈ পৰে,
মৌনতাই তেতিয়া কয়, তুমি কি মোৰ উপস্থিতি বেয়া পাইছা,
তেতিয়া, তেতিয়া শব্দ আৰু উশাহ বোৰে আকৌ প্ৰাণ ঢালি হাঁহি উঠে
আৰু মৌনতাক কয়,
তুমি হৈছা, তুমি হৈছা আমাৰ প্ৰাণৰো প্ৰাণ বন্ধু।
তুমি কঢ়িয়াই অনা স্নিগ্ধতা আৰু প্ৰশান্তি য়ে
আমাক জানা জীয়াই থকাৰ সংজ্ঞা দিয়ে,
জীয়াই থকাৰো যে এটা মধুৰতা আছে তাৰ কাৰণ দিয়ে।
এইবাৰ উন্মাদৰ দৰে মৌণতাই হাঁহি উঠে।
সঁচাকৈ মৌনতাই যেতিয়া কথা কয়
জীৱনটোক আকৌ জিপাল কৰি তুলিবলৈ মন যায় ,
মন যায় মৌনতাক এটা
সুকুমল পিঞ্জৰাৰে পিঞ্জৰিত কৰিবলৈ।
মৌনতাই যেতিয়া কথা কয়…….