মোৰ হৃদয় কাৰ সুৰত
মোৰ হৃদয় কাৰ সুৰত মগন হৈছে,
কি সুৰে মন মোৰ পুলকিত কৰিছে।
মনেৰে সুগন্ধি ফুল ফুলিব মনত,
সুবাসীত কৰি তুলে প্ৰতিটো ক্ষণত।
এই সুৰে মোৰ হিয়াত উপচাই পৰাভক্তি,
ঈশ্বৰৰ প্ৰতি উপচি পৰে অনুৰক্তি।
সাগৰৰ লহৰৰ যেন, কেনে সুৰ।
সাগৰৰ দৰে অনন্ত মন হয় মোৰ।
বৃন্দাবনৰ শুনিছানে সেই মধুৰ সুৰ,
যাৰ বাবে সুখ শান্তিৰে ভৰে মনবোৰ।
সুৰ গৈ পাইগৈ সেউজ অৰণ্য,
এই সুৰ শুনিবলৈ বাৰু কাৰ আছে ভাগ্য।
এই সুৰ শুনি গোপিনী সকলে যায় নাচি-বাগি,
কি যে এই মায়া যিয়ে মন লয় মোহি।
সুৰৰ দৰে শক্তিশালী ধৰাখনিত নাই,
এবাৰ শুনিলে দুখী মন সুখী কৰি পেলাই।
চৰাইৰ বাবে ধৰাৰ উঠিল সুৰীয়া মাত,
কুকিল কণ্ঠৰে লতা জী বিশ্বত জনাজাত।
মই যেন স্বৰ্গতে আছোঁ! শুনিলে কুলি কেতেকীৰ মাত,
নে সুৰীয়া মাত নাই সমগ্ৰ ধৰাত।
থাকিলে সুৰীয়া সুৰ মানে সৰস্বতী মাৰ নিবাস,
সুৰৰ দৰে নাই ধৰাৰ সুবাস।
-নিতিষ্মান দাস
সপ্তম শ্রেণী