মোৰ সোণোৱালী শৈশৱ
মৃদুলা বৰুৱা
ক’তনো হেৰাল
মোৰ সেই সোণোৱালী শৈশৱ
যি বাৰে বাৰে বৈ আহে
এখুজি দুখুজিকৈ
ছকামকা ছবিৰ দৰে….
ল’ৰালিৰ স্মৃতিত
আজিও লুকাই আছে
লুইতৰ বুকুত বালিঘৰ সজা,
কাগজৰ নাও বনাই,
ঢকুৱাৰ গাড়ী সজাই ,
ল’ৰালিতে ওমলা
আৰু মাৰ কোলাত মূৰ থৈ
ভাগৰত টোপনি যোৱা।
দেউতাৰ এচাৰিৰ কোবত
কিতাপৰ টেবুলত বহা,
নতুবা মাৰ চাদৰৰ আঁচলত ধৰি
পাৰ কৰা সেই আকাশৰ সিমনা,
জোনাক ৰাতি চোতালত বহি
আইতাৰ সাধু শুনা
এইয়া যে পাহৰিব নোৱাৰা
মোৰ অতিতৰ আকাশী তৰা।
সময়ৰ ডেউকাত
সোঁৱৰণী খান্দি
এতিয়াও বিচাৰি ফুৰো
মোৰ সেই হেঁপাহৰ লʼৰালি,
অথবা মোৰ ক্ৰমাৎ হেৰোৱা
মিচিকি হাঁহি।
পাৰা যদি কোনোৱে
দিয়া মোক ওভতাই
মোৰ সেই সোণোৱালী শৈশৱ
যʼত আছে আইৰ কোলাৰ সেই
তৃপ্তিৰ এমুঠি টোপনি।