মোৰ যেতিয়া মৃত্যু হ’ব – মীৰা কোঁৱৰ

মোৰ যেতিয়া মৃত্যু হ’ব

মীৰা কোঁৱৰ

মোৰ যেতিয়া মৃত্যু হ’ব
সকলোবোৰ একেই থাকিব
বতাহৰ গতি স্থিৰ নহয়
নহয় জীৱন নিৰ্বাহ কৰা কৌশল পৰিবৰ্তন
নৈৰ বৈ থাকিব
ফুলনিৰ ফুলে কলি মেলিয়ে থাকিব
উলাহতে বন পখীয়ে গীত গাই থাকিব
বেয়া পোৱাৰ মানুহৰ মাজত আলোচনা হ’ব
মোৰে দুখৰ দৃষ্টান্ত আৰু ৰহস্যঘন হৈ
এজনৰ পৰা আন এজনলৈ বিয়পি পৰিব
পতি পৰমেশ্বৰ বুলি গণ্য কৰা জনে
বাহিৰলৈ উলিয়াই নিয়ম কৰিব
মন্ত্ৰ উচ্চাৰিত হৈ মোৰ শেষ কৃত কৰ্ম কৰিব
মাথোঁ তিনিদিনৰ পিছত মোৰ সন্তানে
মনত পেলাই হিয়াৰ ভুকুৱাই কান্দিব
মৰমৰ মাতৃ মৰমৰ পৰা
বঞ্চিত হৈ ।।