মোৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালতে বহু বুথত কংগ্ৰেছ শূন্য হ’বঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ, মৰিয়নি আৰু নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত ২০২৬ চনলৈকে কংগ্ৰেছ দল নাথাকে। নামতহে দলটো থাকিব, যেনেকৈ আজিও জনতা দল, চিপিআই (এম), চিপিআই চলি আছে। তেনেকৈ কিবা এটা ৰূপত কংগ্ৰেছ দল চলি থাকিব। কিন্তু কংগ্ৰেছ বুলি যিটো আছিল সেইটো নোহোৱা হৈ যাব বুলি মন্তব্য কৰি আৰু কয় যে বর্তমান কংগ্ৰেছ দলত নেতা বাদেই, কর্মীৰেই অভাৱ হৈছে। নেতালৈ যাবলৈ বহু দূৰ। গুৱাহাটীৰ ৰাজীব ভৱনেই হওক, যোৰহাট জিলা কংগ্ৰেছৰ কার্যালয়েই হওক, তাত এতিয়া মানুহ নাপাবই। যোৰহাটত নির্বাচনী প্রার্থীজন আহিলে ১০-১২জনমান মানুহ গোট খায়। আন সময়ত কোনো মানুহ নাথাকে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মতে, এইবাৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনত বিৰোধী শূন্য হ’ব। অৱশ্যে ভোটত শূন্য হ’ব নোৱাৰে। কিন্তু মোৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালতেই বহু বুথত কংগ্ৰেছ শূন্য হৈ যাব। এই প্রসংগতে মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে বিৰোধী দলৰ সভাত লগত এশজনমান মানুহ আহে। য’ত সভা অনুষ্ঠিত কৰে, তাত ৫০ জনমান মানুহ আহে। তাৰে ২০ জনমান মানুহে লগে লগে সভাত গোটখোৱা মানুহৰ বিষয়ে বিজেপিক খবৰ দিয়ে। নিৰ্বাচনৰ প্ৰাৰ্থীৰ লগত থকা মানুহে মোক হোৱাটছএপযোগে খবৰ দিয়ে। মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছৰ যিসকলে তেওঁক বেছিকৈ গালি পাৰে, বুজিব তেওঁলোকৰ মোৰ লগত কথা হৈ আছে। ইপিনে এইবাৰ লোকসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১৩খন আসন নহয়, এতিয়া ধুবুৰীক লৈও ৰাইজে আশা দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া ৰাইজে বিজেপি মিত্রজোঁটে ১৪খন আসনেই লাভ কৰিব বুলি কৈ আছে। ধুবুৰীৰ ৰাইজে কৈছে- ১৩খন নহয়, আমি ধুবুৰীখনো দিম। অৱশ্যে এই বিষয়ে মই প্ৰচাৰত গ’লেহে গম পাম। কাৰ্যতঃ ৰাজ্যখনত বিৰোধী শূন্য বাবেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছকে ধৰি কোনো মানুহক গালি-গালাজ বা সমালোচনা কৰা নাই। তাৰ পৰিৱৰ্তে নির্বাচনী প্ৰচাৰ সভাসমূহ গণতন্ত্ৰৰ উৎসৱ হিচাপে উপভোগ কৰিছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৪ চনতেই অসমৰ মুখ্যমন্ত্ৰী সলনি হ’ব বুলি কৰা মন্তব্য সম্পৰ্কত কটাক্ষ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ভাল কথা। তেওঁ বিজেপিত আহিলেই মুখ্যমন্ত্রী সলনি হৈ যাব। সেইদৰে যোৰহাট লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ ক্ষেত্ৰত বিজেপিয়ে বিতৰণ কৰি থকা প্ৰ-পত্ৰক ফাঁকিবাজ আখ্যা দিয়াৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় যে ফাঁকি নহয়, সেয়া সকলোৱে জানে। কোনোবাই বহু দিন দিল্লীত আছে বাবেই তেওঁ নাজানে মানুহে যে অৰুণোদয় পাই আছে। মানুহে অৰুণোদয়ক ফাঁকি বুলি কোৱাজনকহে প্রচণ্ড ফাঁকিয়াল বুলি ক’ব। অৰুণোদয় ফাঁকি হ’ব পাৰে নেকি? চৰকাৰী চাকৰি ফাঁকি হ’ব পাৰে নেকি? নৰেন্দ্ৰ মোদীৰ গেৰাণ্টী ফাঁকি হ’ব পাৰে নেকি? এনে কথা কোৱাজনকহে মানুহে বেয়া পাব। যিয়ে ভাল ৰাজনীতি জানে, তেওঁ এতিয়া সূৰ্যটো পূবৰ পৰা নোলায় পশ্চিমৰ পৰা ওলায় বুলি ক’ব নেকি? একেদৰে গৌৰৱ গগৈয়ে যোৰহাট লোকসভাত অসমৰ কেবিনেট মন্ত্ৰীসকল উবুৰি খাই পৰিছে বুলি কৰা মন্তব্যতো প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী,ৰঞ্জিত দাস, ৰণোজ পেগু,অশোক সিংহলক দেখিছে নেকি?১৪টা লোকসভা সমষ্টিত এজন এজনকৈ মন্ত্রীক দায়িত্ব ভগাই দিয়া হৈছে। সেই অনুসৰি ইয়াতো নির্দিষ্ট মন্ত্রীকহে দায়িত্ব দিয়া হৈছে। একেদৰে বিজেপিয়ে নির্বাচনী আচৰণবিধি ভংগ কৰা বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় নির্বাচনী আচৰণবিধি ভংগ কৰিলে নির্বাচন আয়োগে ব্যৱস্থা ল’ব। তেওঁলোকে নির্বাচন আয়োগক অভিযোগ দিব লাগে। তাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগত কৈ কি হ’ব?