মোৰ মন যায় – সঞ্জয় লস্কৰ

Pc www.uihere.com
মোৰ মন যায়
 সঞ্জয় লস্কৰ
মন যায়,
এটা চিগাৰেট হুপিবলে
ধোৱাৰ কুণ্ডলীত উৰি যাব সমাজৰ
যত আবৰ্জনা
মন যায়,
কান্দিবলৈ যেন সমাজখন
খিল খিলাই হাঁহে
মৰম চেনেহৰ ৰস নিগৰে
ধনী দুখীয়াৰ আঁহে আঁহে
মন যায়,
শোৱাৰ আগতে বুকুত হাত থৈ
যেন কব পাৰি
নিদ্ৰা দেৱীৰ কোলাত মূৰ গুঁজি
নিষ্পাপ শিশুৰ দৰে
দিনটো খাটিলো সমাজৰ হিতে
পদৰ দম্ভ নাই দায়িত্বহে পালন কৰিবলে
মন যায়,
অন্যায় অবিচাৰ শেষ কৰি
 জনতাৰ আশীৰ্বাদ পাবলে।
আহা লগে ভাগে
সমাজ খনক আগুৱাই লওঁ
নতুন দিশেৰে।
জাত-পাত,জাতি – ধৰ্মৰ সিপাৰে
যত বাজিব কেৱল
মানৱতাৰ জয় গান।