মোৰ ভন্টীজনী – অভিনৱ দত্ত

Pc Unsplash

মোৰ ভন্টীজনী…

মোৰ এজনী ভন্টী আছে
নাম তাইৰ অংকিতা
তাই খাই ভাল পায়
পকা পকা অমিতা।
পঢ়া শুনাত মন নাই
খেলিবলৈ ভাল পায়
পঢ়া টেবুলৰ পৰা
জুমি থাকে
দেউতাই চকলেট
আনিছেনে নাই।
আহোম আৰু মোগলে
কৰিছিল ৰণ
পঢ়িবলৈ দিলেও পঢ়াত
নবহে তাইৰ মন।
ৰাতিপুঁৱা সোনকালে
নেৰে বিছনা
চাহৰ লগত লাগে তাইক
সদায় চানা।

অভিনৱ দত্ত, সপ্তম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট