মোৰ ভঙা পজা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
এজাক বৰষুণত টুপ টুপ কৈ
বাৰিষাৰ টোপাল নিগৰি পৰে
ৰ’দ দিলে বেৰৰ জুলুঙাৰে
ৰশ্মিয়ে উনিকিয়াই জুমি জুমি
আধা ভঙা টিনৰ ছাউনী খন
তথাপি মোৰ হৃদয়ৰ ওচৰ ..
ক’ত নিশা উজাগৰে কটালো
একশ এবুৰি গল্প কাহিনী শুনি
ক’ত নিশা আৰমৰ নিদ্ৰা ঢলিলো
বুঢ়ি আইৰ সাধুকথা শুনি
কামি চচা বাঁহৰ বেৰৰ সেই
পুৰণি নঙলা মুখ আজিও
মোৰ সপোনৰ শেষ সীমান্ত …
দুৱাৰ মুখৰ পৰা সন্ধিয়া
বৈ অহা ভিন্ন ভিন্ন ফুলৰ
মন মতলীয়া কৰা সুবাসে
অনৰ্থক কথাৰ চিন্তাৰ স্তম্ভ খিনি
ক্ষণিকতে নিঃশেষ কৰি দিয়ে…
মোৰ ভঙা পজা
মোৰ শৈশৱৰ, যৌৱনৰ
শত শত স্মৃতি বুকুত কঢ়িয়ায়
নীৰৱে নিস্তব্দে কোনো অভিযোগ
অভিমান নৰাখাকৈ….
মোৰ ভঙা পজা
যিয়ে মোক প্ৰতিটো খোজত
শিকাইছে জীৱনৰ নানা
সৰল,জটিল অধ্যায়ৰ কথা
মোক বুজাইছে সম্পৰ্কৰ এনাজৰী
ভাতৃত্বৰ বন্ধন, আত্মীয়তাৰ
বহু হেজাৰ ৰং ৰূপ..
নিজকে নিজৰ লগত নতুনকৈ
চিনাকি কৰাই আকুলতাৰে
স্বত্তাপ্ৰেমৰ মূল উপলব্ধি কৰাইছে
মোৰ ভঙা পজা
মোৰ আপোন মোৰ নিজৰ
মোৰ কাষৰ মোৰ বন্ধু মোৰ আত্মীয়….