মোৰ প্ৰেমত নপৰিবা তুমি — হেমন্ত কুমাৰ শইকীয়া

মোৰ প্ৰেমত নপৰিবা তুমি
মোৰ প্ৰেমত নপৰিবা তুমি
পাৰিবা জানো মোৰ প্ৰেমৰ বিৰহত
নীলকণ্ঠ হৈ প্ৰেমৰ প্ৰতীক জিলিকাব
নালাগে দিয়া মোৰ অবুজ মনৰ প্ৰেমত পৰিব ।।

মইতো জীৱনৰ অভিমান বোৰো চিনি নাপাও
কেনেকৈ ভাঙিম !!
তোমাৰ স্বপনীল মনৰ অভিমান বোৰ ।
অজুহাত মই কৰিব নোৱাৰো উন্মনা হৈ থকা
যৌৱনা সেই খংৰ
খং মই নকৰো বাবেই হয়তো তুমিও
মোকো খং কৰিব নোৱাৰিবা
যদি মোৰ প্ৰেমত পৰিব খুজিছা ।।

মই পলাশ দেখুৱাবলৈ পাহৰি থাকিলো
জীৱনৰ প্ৰতিঘাত বোৰে আমনি কৰি যোৱা বাবে ।
মাথো কাৰোবাৰ প্ৰেমত পৰিবলৈ মনটোৱে উচপিচ লগাই থাকে ।।

সাথঁৰ সাথঁৰ লগা কথা বোৰে মোক বৰকৈ টোপনি কাঢ়ে
মই যে প্ৰেমতো পৰিব নাজানো কিয়নো ।
হৃদয়ৰ কোণত খলকনি লগোৱা বেদনাৰ ভাষা মই বুজি নাপাও
তুমি শুনিছানে , মোৰ প্ৰেমত নপৰিবা ।।

মোৰ জীৱনৰ প্ৰেমতো নপৰিবা
মইতো সন্ধিয়াৰ আড্ডাত
চিগাৰেটৰ ধুৱাত মাতাল হও ।
ধ্বংস বুলি একো নাই মোৰ
কিন্তু কাৰো কাকো প্ৰেমৰ নামত প্ৰতাৰণা কৰি ধ্বংস কৰিব নোৱাৰো আৰু মই ।।

মই বুজি পাও ! মোৰ প্ৰেমত পৰিছা তুমি
মোৰ প্ৰেমত পৰিবা মই একো নকও ।
প্ৰেমটো কাৰো নিজা সম্পতি নহয়
মাথো প্ৰেমীক জনক সদায় নিজৰ কৰিবা ।।
✍️ হেমন্ত কুমাৰ শইকীয়া !