মোৰ পুতলাবোৰৰ বাৰ্তালাপ – নাচিমা য়াচমিন

মোৰ পুতলাবোৰৰ বাৰ্তালাপ

নাচিমা য়াচমিন ,বিশ্বনাথ চাৰিআলি

মোৰ দুটি পুতলা আছে
দেখাত কিউৎ কিউৎ
এটা ৰঙা আনটো গোলাপী
পিছে নামবোৰ হে অদ্ভুত।
 গুনীয়ে এদিন ঠাট্টা কৰি
গুনো ডাঙৰীয়াক ক’লে,
তোক দেখি এনে লাগে যেন
কোনোবাই গাত পিক হে পেলালে।
গুনীৰ অপমানত গুনোৰ
হ’ল ইগ’ হাৰ্ট,
বেছি উৰি নাথাকিবি গুনী
মালিকনীৰ বাৰ্থডে দহ আগষ্টত।
প্ৰত্যেক বাৰ্থডেত মালিকনীয়ে
কিনে নতুন টেডী,
গুনোয়ে পিছে গোলাপ লৈ
হৈ আছে ৰেডী।
যদি হে এইবাৰ মালিকনীয়ে
আনে এজনী নাৰী ,
Attitude ৱালি গুনীক
নাচাও এবাৰো ঘূৰি।
গুনোৰ কথা শুনি গুনীয়ে
কৰিলে  ঠেহ এগালমান,
মই অকল তোক হে ভালপাও
চা, এইয়া ধৰিছো  কাণ।