মোৰ দেউতাহে নাই
বিপিন টায়ে
দেউতা অবিহনে কোনোবাখিনিত
আধৰুৱা হ’লেওঁ
মই আজিও সুখতেই আছোঁ ।
কাৰণ… মোৰ কাষত আজিও মাঁ আছে।
যি গৰাকী মাতৃয়ে মোক কোনো দিন
অকলশৰীয়া ভাব আহিবই নিদিয়ে ।
মৰমৰ অভাৱ কেতিয়াও অনুভৱ কৰিবও নিদিয়ে।
মায়ে যে মোক চাৰিওফালে মৰমেৰে
আঁৱৰি ৰাখিছে ।
দেউতা নাই যদিও দাদা আছে মোৰ
যিজনে মোক দেউতাৰ দৰেই
চোৱা চিতা কৰে।
ৰ’দৰ তাপত থিয় হৈ
মোক তেওঁৰ ছাঁ টোৰ তলতেই জিৰাব দিয়ে।
কিবা এটা বস্তুৰ অভাৱ হ’লেও
তেৱেঁই মোক পূৰণ কৰি দিয়ে।
ইয়াতকৈ আৰু সুখী জীৱন কিয়নো লাগে
দেউতা শব্দটো আধৰুৱা যদিওঁ
মই আজি বহুত সুখী ।
