মোৰ গান – প্ৰভাত বণিয়া

Pc Forbes

মোৰ গান

প্ৰভাত বণিয়া

দুৰ্দিনত শুনে কোনে নিজানত বহি
মোৰ গান

মোৰ গান অস্তিত্বৰ গান
উথলি উঠে জাতি মাটি প্ৰাণ
মোৰ গান জীৱন জিজ্ঞাসাৰ গান
আলোকিত কৰে দু:খিত শোষিতৰ পৰাণ
মোৰ গানত অনুভূত হয়
“যত জীৱ তত শিৱ”
প্ৰোজ্বলিত অন্তৰাত্মা
মানুহক মানুহ জ্ঞান কৰা
শ্বাশ্বত সদ্ভাৱনা

মোৰ গান অস্তিত্বৰ গান।