মোৰ অনুভৱৰ পৃষ্ঠা
ৰামেশ্বৰ নাথ
মোৰ অনুভৱৰ পৃষ্ঠাত ঘূৰি ফুৰে
বাস্তৱতাত ঠেকা খোৱা
অগণন অঘৰী আত্মা ।
তাতেই লুকাই থাকে মানৱতাৰ
এটি এটি জীয়া কাহিনী ।
কেতিয়াবা সুখৰ অনুভৱ
আকৌ কেতিয়াবা দুখৰ অনুভৱে
মূহিত কৰে মন প্ৰাণ ।
নানা ৰঙী সাঁচ পেলাই
সাঁচি ৰখা হৃদয়ৰ চন্দুকত ।
শব্দৰ যাদুকৰী প্ৰতিভাত
প্ৰাণ পায় উঠে সময়ৰ বিধি ।
বাস্তৱতাৰ দুৱাৰ দলিত
নিৰ্ভিকতাক চেৰ পেলোৱা
এদল কম্পিত মানৱৰ জয় গান ।
এয়া কিহৰ জয়গান
মানৱতাৰ নে দানৱৰ ?
সৰ্বশ্ৰান্তৰ দুৰ্গতি দেখি
গণতন্ত্ৰৰ মুখৰ হেৰাই মাত ।
পঙ্গু আচনিৰে আপ্তালিকা সাজি
প্ৰজাৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ।
সকলো দেখি শুনি ৰজাঘৰীয়া
নিমাত, নিস্তব্দ, নিৰাকাৰ ।
কিহৰ তাড়নাত প্ৰজাই সহিছে সকলো
পাপী পেটৰ তাড়না নে
শাসক পক্ষৰ ভয়ৰ আতংক।