মোৰো এখন হৃদয় আছিল
আয়নাল হক, ধুবুৰী
ভালদৰে অনুধাৱন নকৰাকৈয়ে
মোক তুমি সহ্যাতীত আঘাত সানিবলৈ
অলপো কুণ্ঠাবোধ নকৰিলা ?
সত্য কি অন্বেষণ নকৰাকৈয়ে
ভুল ধাৰণাৰ বশৱৰ্তী হৈ
তুমি আঁতৰি গ’লা !
ভাবিছিলোঁ… তুমি সকলো বুজিবা
কিন্তু নুবুজিলা,
পঢ়িও নাচালা মোৰ দুচকুৰ ভাষা,
মইতো তোমাৰ হৃদয়ৰ লগত
খেলা নাছিলোঁ কোনোদিনে,
মোৰো এখন হৃদয় আছিল
তোমাৰ সপোন পূৰণ কৰিবলে… !
পৃথিৱীৰ সকলো সুখ দিব নোৱাৰিলেও
তোমাক সুখী কৰিবলৈ কৰিছিলোঁ
বহু কষ্ট… আপ্ৰাণ চেষ্টা… !
তথাপিও তুমি নুবুজিলা
হয়তো মোৰেই ভুল হৈছিল
তোমাক বুজি পোৱাত !
অভিশাপ নিদিওঁ তোমাক
সদায় কুশলে থাকা,
মাথোঁ মোৰ দৰে
অন্য এজনৰ হৃদয়ক লৈ
হেতালি নেখেলিবা…।